Kaziranga Bor Dhuniya
[00:30.61] কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা
[00:35.66] তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা
[00:50.02] অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়া
[00:55.59] চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা
[01:08.37] শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাটচ'ৰা
[01:13.13] নামডাংৰ শিলৰ সাকো দেখিবলৈ ধুনীয়া ।
[01:26.96] অ’ মনৰ খবৰ ক’ব খুজিলে কাষলৈ আহিবা
[01:32.54] কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা
[02:10.26] তুমি কোৱা কথাষাৰে কৰিছে মন বলীয়া
[02:15.30] কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা ।
[02:28.88] অ’ তোমাক দেখাৰ দিনাৰ পৰাই হ’লো মতলীয়া
[02:34.19] তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া
[02:45.88] দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া
[02:50.93] মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা ।
[03:04.21] অ’ কোনোজনে মৰমৰ যাচে ধনেৰে সোণেৰে
[03:09.62] কোনোজনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে
[03:46.54] মহাসাগৰ নৈ-নিজৰা নেদেখো দূৰৈৰ পৰা
[03:51.57] তুমি কাষত নাথাকিলে কোনে দিব সান্তনা ।
[04:04.60] অ’ তুমি আহি মৰম দিলে একোৱেই নালাগে
[04:09.92] ধনেৰে সোণেৰে মোক জুখিব চাব নালাগে
[04:21.09] মনৰ দূৱাৰ খোলা আছে তুমি আহি জিৰাবা
[04:26.13] ধুনীয়াকৈ পাৰি থৈছো মনৰ ফুলাম দলিচা ।
[04:39.95] দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ল’লো
[04:45.00] বহুজনৰ মাজতে তোমাকে বাছি ল’লো
[04:53.76] বহুজনৰ মাজতে তোমাকে বাছি ল’লো .....।।
