Lrc Player

NILANJANA

Sankuraj
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:12.79] কল্পনা মোৰ কল্পনাৰ তুমি আকাৰ

[00:23.56] আল্পনাতে, আল্পনাত তুমি সাকাৰ

[00:40.80] দুৰ্বল ৰাতি মোৰ সাহসী হ'ল

[00:50.31] পিয়াসী তৰাৰ স'তে সাৰথী হ'ল আকাশীগংগা

[00:59.03] নিৰ্মল পৰশৰ মায়াজালত

[01:06.80] গলি যোৱা দুটি দেহৰে ডালত ৰজনীগন্ধা

[01:16.56] আঁকো অংগে অংগে পৰিসীমা

[01:23.56] আৰু ছন্দে ছন্দে ভংগীমা

[01:25.81] কিনো লয়লাসে দিলে আনি বাসনা

[01:29.82] জ্বলে কামনাৰে অগনি প্ৰিয়তমা

[01:33.80] তুমি দূৰে দূৰে ৰ'লে কিয় মায়া হোৱা

[01:37.81] আৰু কাষৰতে পালে কিয় ছায়া হোৱা

[01:41.79] যদি সাতোৰঙী ৰামধেনু হব খোজা

[01:45.78] জানি থবা প্ৰিয় ৰং মোৰ ভালপোৱা

[01:51.31] উন্মনা এই উন্মনা এই লগন

[02:03.56] বাঞ্চনা মোৰ বাঞ্চনাৰে প্ৰহৰ

[02:22.29] স্পৰ্শত বিয়পিছে ৰাঙলী ৰং

[02:26.57] জ্বলে অনু-পৰমানু আজি প্ৰিয়,

[02:29.56] ফিৰিঙতি হৈ

[02:35.08] সঁপি দিলোঁ শব্দৰ ব্যঞ্জনা

[02:42.33] উটি গ'লোঁ তৃপ্তিৰ মোহনাত,

[02:45.56] দুয়ো নদী হৈ

[02:51.56] আঁকো অংগে অংগে পৰিসীমা

[02:57.56] আৰু ছন্দে ছন্দে ভংগীমা

[03:01.56] কিনো লয়লাসে দিলে আনি বাসনা

[03:05.56] জ্বলে কামনাৰে অগনি প্ৰিয়তমা

[03:09.81] কিনো শক্তিৰে আজি মোক বান্ধিলা

[03:14.06] দিলা মুক্তিৰে মৌসনা ঠিকনা

[03:17.83] নেলাগে মোক সাতোৰঙী ৰামধেনু

[03:21.56] ঢালি দিয়া তুমি মাথোঁ নীলা ৰং,

[03:25.60] নীলাঞ্জনা..