Lrc Player

Alakananda

Shankuraj Konwar and Tonmoy Krypton
[05:00.12]·
This lyric sheet isn't paired with a song yet, so lines are shown but won't sync or seek.

[00:31.32] আগলি বতাহে সৰালে চুপহি

[00:37.96] কাজলী জপা দুচকুৰ পতাত

[00:44.86] ধেমালি চলেৰে ক'ৰেনো টিপচী

[00:51.90] নিচুকনি গীত জুৰি যায়

[00:58.55] শয়নত দুটি নয়ন মধুৰ

[01:02.13] দুগালতে আঁউজিলেহি ৰ'দ

[01:05.52] ভাগেনে চিকুনে সোণ টোপনি তোমাৰ

[01:12.42] মায়াময় উশাহৰ উমে আনে

[01:15.82] যাযাবৰী মোৰেনো হেঁপাহক

[01:19.28] বুটলি সামৰি তোমাৰেনো কাষৰলে

[01:25.46] ওভতাই আনিলা জীয়াই তুলিলা

[01:32.10] মোক জীয়াই তুলিলা

[01:35.75] মোক জীয়াই তুলিলা

[01:38.89] এই ৰিক্ত বুকুতে

[01:42.42] বাসনা ঢালিলা

[01:45.81] মোৰ তেজে তেজে সীৰে সীৰে

[01:49.46] বোৱালা প্ৰেমৰ অলকানন্দা

[02:48.35] কুৱলী ফাঁকেৰে স্মৃতিৰ এখিলা পাত

[02:55.15] পৰেনে মনতে তোমাৰ

[03:01.94] হেঁচুকি দুহাতেৰে লিখিছিলা তাত

[03:08.77] ঠিকনা সুৰ কবিতাৰ

[03:15.96] উন্মুক্ত নদীৰ সোঁতে ছন্দে

[03:19.25] নচুৱাই প্ৰাণ ৰন্ধ্ৰে ৰন্ধ্ৰে

[03:22.90] দেখি মন ময়ুৰীয়েও পাখি মেলি যায়

[03:29.55] এটি চাৱনিতে ৰাতি হ'ল চঞ্চল

[03:33.07] বন্ধ কোঠালিত যেন এটি দাৱানল

[03:36.60] উমি উমি জ্বলিছে পুৰণি ইতিহাস

[03:42.44] ওভতাই আনিলা জীয়াই তুলিলা

[03:49.08] মোক জীয়াই তুলিলা

[03:52.48] মোক জীয়াই তুলিলা

[03:56.13] এই ৰিক্ত বুকুতে

[03:59.16] বাসনা ঢালিলা

[04:02.81] মোৰ তেজে তেজে সীৰে সীৰে

[04:06.71] বোৱালা প্ৰেমৰ অলকানন্দা